Sonari News: চৰাইদেউত বিহুৱা দিৱস পালন

সোণাৰি,৮ফেব্ৰুৱাৰী: চৰাইদেউত বিহুৱা দিৱস পালন। বৰ বিহুৱা ফিৰোজ কোঁৱৰৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
ৰাজ্যৰ অন্যতম এগৰাকী বৰ বিহুৱা, চৰাইদেউ বিহু দলৰ প্ৰতিষ্ঠাপক তথা চৰাইদেউ কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক ফিৰোজ কোঁৱৰৰ সোঁৱৰণত আজি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ‘বিহুৱা দিৱস’ পালন কৰা হয়(Sonari News)।
২০২৪ বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত এক পথ দুৰ্ঘটনাত অকাল মৃত্যু হোৱা বৰবিহুৱা ফিৰোজ কোঁৱৰৰ স্মৃতিক জীয়াই ৰাখিবলৈ চৰাইদেউ কলা কেন্দ্ৰৰ অধীনস্থ শাখা সমূহে পালন কৰে বিহুৱা দিৱস। চৰাইদেউ জিলাৰ লগতে অন্যান্য জিলা সমূহতো থকা চৰাইদেউ কলা কেন্দ্ৰৰ মুঠ ১৬ টা শাখাই আজি বিহুৱা দিৱস পালনৰ লগতে প্ৰতিটো শাখাতে একোজনকৈ বিহুৱাক সন্মান জনোৱা হয়।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিস্থিত চৰাইদেউ কলাকেন্দ্ৰৰ মুখ্য কাৰ্য্যালয়তো বিহুৱা দিৱস পালন কৰি প্ৰয়াত বৰবিহুৱা ফিৰোজ কোঁৱৰৰ স্মৃতিচাৰণ কৰা হয়। আনহাতে আজি এই অনুষ্ঠিৰ লগত সংগতি ৰাখি সোণাৰিত আয়োজন কৰা মুকলি সভাত বিহুৱা ক্ষীৰোদ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।