Local, Vocal, Global

Watch | Sonari News : একাধিক সমস্যাৰে ভাৰাক্ৰান্ত সাপেখাতী আদৰ্শ চিকিৎসালয়

সোণাৰি: চৰাইদেউ জিলাৰ বৃহত্তৰ সাপেখাতী মৌজাৰ একমাত্ৰ উন্নত চিকিৎসা কেন্দ্ৰটো হৈছে সাপেখাতী আদৰ্শ চিকিৎসালয়। অসম-অৰুণাচল-নাগালেণ্ড ত্ৰিবেণী সঙ্গম সাপেখাতী চাৰিআলিত অৱস্থিত আৰ্দশ চিকিৎসালয় খন অঞ্চলটোৰ দৰিদ্ৰ ৰোগী সকলৰ একমাত্ৰ ভৰসাৰ থল।

কিন্তু অতি শেহতীয়াকৈ চিকিৎসালয় খনত দেখা দিয়া একাধিক সমস্যাই ইয়ালৈ চিকিৎসা গ্ৰহণৰ বাবে অহা লোক সকলক ব্যতিব্যস্ত কৰি তুলিছে। ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰ্দশ চিকিৎসালয় লৈ সোমাই যোৱা পথছোৱাৰ জৰাজীৰ্ণ অৱস্থায় ৰোগীৰ লগতে জনসাধাৰণক জ্বলা ক’লা খোৱাই আহিছে।

পথছোৱা জৰাজীৰ্ণ অৱস্থাৰ ফলত বহু কেইটা দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিদিনে শ শ ৰোগী অহা যোৱা কৰা পথছোৱা নিৰ্মাণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে বিভাগীয় কতৃপক্ষক দাবী জনোৱাৰ লগতে চিকিৎসালয়ত পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগৰ ওপৰত দাবী জনাইছে।