Local, Vocal, Global

WATCH | Sonari News : অসম অনুসূচিত জাতি পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সংবাদ মেল

সোণাৰি,২৭মে’ : অসম অনুসূচিত জাতি পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি সাপেখাতীত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াই অভিযোগ উত্থাপিত কৰা মতে, একাংশ অনা অনুসূচিত লোকে ভূৱা অনুসূচিত জাতি পৰিষদৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰৰ বিভিন্ন সা-সুবিধা গ্ৰহণ কৰি অহাৰ লগতে চৰকাৰি কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে। জিলা প্ৰশাসনে ইয়াৰ এটি উচিত তদন্ত কৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুসূচিত জাতি পৰিষদে দাবী জনাইছে(Sonari News)।

সংবাদ মেলত অসম অনুসূচিত জাতি পৰিষদৰ, চৰাইদেউ জিলা সমিতিৰ সভাপতি গোবিন্দ মহাপুৰুষীয়া, সম্পাদক দিগন্ত দাসে প্ৰমুখ্যে কৈৱৰ্ত, অনুসূচিত উন্নয়ন বৰ্ডৰ দীনেশ দাস, অশোক কৃষ্ণ দাস, বিষ্ণু দাস অখিল দাসকে ধৰি বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়ক :WATCH | Drugs peddler arrested along with drugs : চাপৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই ড্ৰাগছ ব্যৱসায়ীক