WATCH | Sonari News : সোণাৰি শাখা সাহিত্য সভাৰ “আমাৰ সন্তান আমাৰ ভৱিষ্যৎ” অনুষ্ঠান সম্পন্ন
সোণাৰি,২৫,মে’ : অসম সাহিত্য সভাৰ অন্যতম পুৰণি আৰু সক্ৰিয় শাখা সভা সোণাৰি শাখা সাহিত্য সভাৰ উদ্যোগত উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত নব্বৈ বা ততোধিক নম্বৰ লাভ কৰা কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে “আমাৰ সন্তান আমাৰ ভৱিষ্যৎ” শীৰ্ষক এখনি অগতানুগতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
২৪ মে’ তাৰিখে অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক তথা সোণাৰি শাখাৰ প্ৰাক্তন সম্পাদক ড০ ৰঘুনাথ কাগয়ুং আৰু শাখা সভাৰ সভাপতি পাপৰি গগৈৰ বিশেষ তৎপৰতাত, চৰাইদেউ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি তথা কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সুনন্দ বৰগোহাঁই, শাখাৰ সম্পাদক ৰূপাঞ্জলি হাজৰিকা আৰু সাহিত্যসেৱী মৃত্যুঞ্জয় দাসৰ বিশেষ ব্যৱস্থাপনাত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতি ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়(Sonari News)।
তেওঁলোক হ’ল – সোণাৰি বি পি বি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ডিষ্টিংচনসহ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক আৰু কলা শাখাত চৰাইদেউ জিলাৰ ভিতৰতে সৰ্বোচ্চ ৯৩.৮ শতাংশ নম্বৰ প্ৰাপ্তিৰে অসমীয়া বিষয়ত ৯৬% লাভ কৰা নৱজ্যোতি হাজৰিকা, সোণাৰি জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হৈ কলা শাখাত ডিষ্টিংচনসহ ৮৫.৬ শতাংশ নম্বৰ লাভ আৰু আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক তথা অসমীয়াত ৯১% নম্বৰ লাভ কৰা যাজ্ঞশ্ৰী দাস আৰু সোণাৰি জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ কলা শাখাত ডিষ্টিংচনসহ ৮৫.৬ শতাংশ নম্বৰ লাভ আৰু আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক তথা অসমীয়া বিষয়ত ৯০% নম্বৰ লাভ কৰা তৃষা বুঢ়াগোহাঁই।
অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই অনলাইনৰ যোগেদি কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু আশীৰ্বাদ বৰষি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
লগতে পঢ়ক : WATCH | Elephant menace in Kampur : কচুৱাৰ জুৰিৰপাৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ