WATCH : Sonari News : ঐতিহাসিক লাকুৱা ৰাজগড় পথ পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ আছুৰ

সোণাৰি,২৪মে’ : ঐতিহাসিক লাকুৱা ৰাজগড় পথ পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ আছুৰ।জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত শিমলুগুৰি আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত লাকুৱা ৰাজগড় পথটো আজি দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰাত এই পথটোৰে যাতায়ত কৰা একেবাৰে অনুপযোগী হৈ পৰাত সৰ্বসাধাৰণ ৰাইজে দূর্ভোগ ভুগিবলগীয়া হোৱাৰ লগতে জৰুৰীকালীন সেৱাসমূহৰ বাবে এই পথটো অনুপযোগী হৈ পৰিছে(Sonari News)।
তেল আৰু প্রাকৃতিক গেছ নিগম চমুকৈ ONGC ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই পথটোৰে দৈনিক ONGC ৰ শ শ গধুৰ যান বাহনৰ লগতে অন্যান্য বাহন চলাচল কৰে যদিও পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমেই হওক বা লোকনির্মাণ বিভাগেও আজিলৈকে কোনো পদক্ষেপ অথবা ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুৱাৰে পৰা শিমলুগুৰি আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
ইফালে আছুৰ অৱৰোধ ফলত লাকুৱা তৈল্য ক্ষেত্ৰলৈ ONGC ৰ যানবাহন অহাযোৱা কৰিব নোৱাৰ বাবে খনন আৰু উৎপাদন কাৰ্যত ব্যাঘাত দেখা দিছে ৷
লগতে পঢ়ক : WATCH | Jakir Hussain Sikdar :‘AIUDF ক বাদ দি বাকী বিৰোধীৰ লগত মিত্ৰতা কৰাত অসুবিধা নাই’