WATCH | Sonari News : সোণাৰিৰ বৰাহী বাগিচাত চড়ক পূজা
সোণাৰি,১৫মে’ : চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰাহী বাগিচাত চড়ক পূজা আৰু মেলা অনুষ্ঠিত কৰা হয়। সোণাৰি বৰাহীবাসী ৰাইজৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় চড়ক পূজা।
এই পূজাত নিশা হৰগৌৰী ( শিৱ- পাৰ্বতী) আৰু কালীৰ পূজা অনুষ্ঠিত হোৱাৰ পাছতে প্ৰায় এমাহ দিন ধৰি ব্ৰত পালন কৰা শিৱৰ ভক্ত সকলে জুইৰ ওপৰত নৃত্য আদি নানা অলৌকিক ক্ৰীড়া আদি প্ৰদৰ্শন কৰে(Sonari News)।
আজিৰ দিনটোৰ অন্যান্য কাৰ্যসূচীৰ পাছতে বিয়লিৰ ভাগত দুদিনীয়া কাৰ্যসূচীৰ মূল অনুষ্ঠান চড়ক গছ ঘূৰোৱা হয়। শিৱৰ ভক্ত সকলৰ পিঠিত বৰশি সদৃশ সঁজুলিৰে বিন্ধাই শূণ্যতে কেইবাপাকো ঘূৰোৱা দৃশ্যই এক অলৌকিক পৰিবেশৰ সৃষ্টি কৰে।
প্ৰতিবছৰে বৰাহী বাগিচাত পালন কৰা এই পূজা ভাগ সম্পূৰ্ণ এমাহ কঠোৰ সাধনা তথা ব্ৰতত থাকি শিৱভক্তসকলে পালন কৰে এই পূজা। এই এমাহ সাধনাৰ ফলত তেওঁলোকে এক ঐশ্বৰিক শক্তি লাভ কৰে বুলি জন বিশ্বাস প্ৰচলিত হৈ আছে। যি শক্তিৰ বলত ব্ৰত তথা সাধনা কৰা লোকসকলে জ্বলন্ত জুইৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, জলন্ত লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ সিপাৰ কৰা, দাৰ ওপৰত জঁপিয়াই জঁপিয়াই নৃত্য কৰা, আদি বিভিন্ন শিহৰনকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হয়।
লগতে পঢ়ক : WATCH | Hatsingmari News : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ DTO পৱন ঠাকুৰীয়াৰ গুণ্ডাগীৰ