Local, Vocal, Global

WATCH | Sonari News : এটা ভোটেই সলনি কৰিলে খুৰছিদ আলমৰ জীৱন

সোণাৰি,১২মে’ : এটা ভোটে ৰাজনীতি ওলট-পালট কৰি দিব পাৰে। এটা ভোটেই সলনি কৰিলে খুৰছিদ আলমৰ জীৱন।এটা ভোটত জয়লাভ কংগ্ৰেছ প্ৰাৰ্থী খুৰছিদ আলমৰ

দেশত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতেই ১১ মে’, পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত ভোটগণনা হৈছে।

ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৩৯টা কেন্দ্ৰ। জিলা পৰিষদ সমষ্টি (ZPC)ৰ ৩৯৭ আসনৰ ভিতৰত ৩৪ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়(Sonari News)।

আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভিতৰত ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। জিলা পৰিষদ সমষ্টিৰ ৩৬৩খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। আঞ্চলিক পঞ্চায়তৰ ১,৮৮১খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। ষ্ট্ৰং ৰূমৰপৰা বেলট বাকচ সংগ্ৰহ।

অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল। এটা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছ প্ৰাৰ্থী।

এটা ভোটৰ মূল্য মই আজিহে অনুভৱ কৰিছো।এটা ভোটে ৰাজনীতি ওলট পালট কৰি দিব পাৰে। মাত্ৰ এটা ভোটত সোণাৰি গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছে কংগ্ৰেছ দলৰ সমৰ্থিত যুৱ প্ৰাৰ্থী খুৰচিদ আলমে।এটা ভোটত জয় লাভ কৰি সুখী অনুভৱ কৰিছে যুৱ প্ৰাৰ্থী গৰাকীয়ে।ৰাইজৰ হৈ কাম কৰাৰ প্ৰৱল হেঁপাহ যুৱক জনৰ।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও চৰকাৰী বালিকা বিদ্যালয়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ প্ৰতিক্ৰিয়া