WATCH | Sonari News : ৰাজ্য জোকাৰি যোৱা অপহৰণ কাণ্ডৰ নতুন মোৰ
সোণাৰি,৬মে’ : ৰাজ্য জোকাৰি যোৱা অপহৰণ কাণ্ডৰ নতুন মোৰ।
ৰাজ্য জোকাৰি যোৱা মুছলেক আলিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত পুনৰ দুজনক আটক আৰক্ষীৰ। বিগত বৰ্ষৰ ২৫ নৱেম্বৰত অসম নাগালেণ্ড সীমান্ত নামতোলাৰ পৰা অপহৃত হৈছিল ড্ৰাগছ ব্যৱসায়ী মুছলেক আলি(Sonari News)।
উক্ত অপহৰণৰ সৈতে জড়িত হনতং কন্যাক আৰু চিপাহী পণ্ডিতক আটক।অসম আৰক্ষী,অসম ৰাইফলছ আৰু CRPF ৰ যুটীয়া অভিযানত আটক । মুছলেক আলিৰ অপহৰণত সহায় কৰাৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে। ধৃত হনতং কন্যাকৰ ঘৰ নাগালেণ্ডৰ টিজিতত আনহাতে চিপাহী পণ্ডিতৰ ঘৰ চৰাইদেউৰ নামতোলাত।বৰ্তমান সোণাৰি আৰক্ষী থানাত সোধ পোচ অব্যাহত দুয়োজনকে।
লগতে পঢ়ক : WATCH | Rangia News : তন্ত্ৰ মন্ত্ৰৰ কৱলত ৰঙিয়াৰ যুৱক-যুৱতী