Local, Vocal, Global

WATCH | Sonari News : চৰাইপুং টি ফেক্টৰীৰ সন্মুখত নামতোলা আৰক্ষীয়ে জব্দ কৰে চাহপাত ভৰ্তি বলেৰ’ বাহন

সোণাৰি,৩মে’ : চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক গাওঁ পঞ্চায়তৰ কাষতে লাগি থকা চৰাইপুং টি ফেক্টৰীৰ সন্মুখত আজি নামতোলা আৰক্ষীৰ এটা দলে এখন বলেৰ’ বাহনসহ চাহপাতৰ বেগ জব্দ কৰে আৰু ইয়াৰে এখন বাহন সহ চাহপাত লৈ উধাও হয় চোৰ।

অভিযোগ অনুসৰি সাপেখাতীৰ নিবাসী মতীন্দ্ৰ দত্ত আৰু তেওঁৰ সহযোগী সহ সাত বছৰৰ বাবে লীজত লৈছিল ফেক্টোৰিটো আৰু এই সময়চোৱাত এক বিবাদ অনুসৰি দুয়ো পক্ষৰ আদালতৰ বিচাৰাধীনত চলিত ১ মে’ৰ পৰা ৩০ মে’ৰ ভিতৰত মতীন্দ্ৰ দত্ত আৰু তেওঁৰ সহযোগীক ফেক্টৰীৰ ভিতৰত থকা নিজ সামগ্ৰী সহ চাহপাত উলিয়ায় আনিবলৈ এক নিৰ্দেশ জাৰি কৰে(Sonari News)।

কিন্তু চৰাইপুং টি ফেক্টৰীৰ স্বতাধিকাৰীয়ে ফেক্টৰীৰ ভিতৰৰ চাহপাত উলিয়ায় দুখন মালবাহী বাহনেৰে চুৰি কৰাৰ অভিযোগ কৰি নামতোলা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

সেই মৰ্মে অভিযোগকাৰী মতীন্দ্ৰ দত্তই এক দুয়োখন বাহন ক্ৰমে AS 33 C 1083 আৰু এখন বলেৰো AS 33C 2123 নম্বৰ সহ ফেক্টৰীৰ স্বতাধিকাৰীৰ নামতো এখন এজাহাৰ দাখিল কৰে। আজি পুৱা নামতোলা আৰক্ষীৰ সহযোগত এখন গাড়ী সহ চালক আৰু চাহপাতৰ বেগ জব্দ কৰিবলৈ সক্ষম হয় নামতোলা আৰক্ষীয়ে যদিও এখন বাহন সহ চাহপাত লৈ উধাও হয় চালক। এতিয়া ভোক্তভূগীয়ে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষীক উচিত ন্যায়ৰ অনুৰোধ জনাইছে।

লগতে পঢ়ক : WATCH : Bhabesh Kalita : ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতা