WATCH | Sonari News : নিৰ্মীয়মান পথৰ পেভাৰ ব্লক চুৰি কাৰ্যত জড়িত ৭ টা চোৰক গ্ৰেপ্তাৰ
সোণাৰি,৩এপ্ৰিল : চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত নিৰ্মাণ হৈ থকা পিঠাগুটি-মাহমৰা-চেপন পথৰ পেভাৰ ব্লক চুৰি কাৰ্যত সৈতে জড়িত ৭ টাকৈ চোৰক আৰক্ষীয়ে হাতে লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা ৭ টা চোৰ হৈছে ক্ৰমে, প্ৰতিম মহন, বিপ্লৱ গগৈ, সুশীল বৰ্মণ, ক্ষীৰোদ ভূঞাঁ, প্ৰাঞ্জল ডেকা, দেৱ প্ৰসাদ ফুকন আৰু ভাস্কৰজোতি ডেকাফুকন।
উল্লেখ যে,মাহমৰা সমষ্টিৰ মহন দেওধাই গাওঁ-জজলী পাঁচ আলি এলেকাত যোৱা নিশা পেভাৰ ব্লক চুৰি কৰি গাড়ীত তুলি থকা অৱস্থাত চৰাইদেউ আৰক্ষীয়ে আটাইকেইটাকে আটক কৰিছিল। পেভাৰ ব্লক চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন ট্ৰেক্টৰ, এখন পিক-আপ ডি আই আৰু এখন টাটা এচি গাড়ী পেভাৰ ব্লকসহ আৰক্ষীয়ে জব্দ কৰে(Sonari News)।
নিৰ্মীয়মান পথৰ পেভাৰ ব্লক চুৰি হৈ থকা ঘটনাৰ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগে এজাহাৰ দাখিল কৰাৰ পাছতেই চৰাইদেউ আৰক্ষীয়ে ৭ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰু লোক জড়িত হোৱাৰ সম্ভাৱনা আছে। ঘটনাটোৰ সন্দৰ্ভত চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা চোৰ কেইটাক ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে সোণাৰি জিলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
লগতে পঢ়ক : WATCH | Student missing for 9 days from Charaideor: চৰাইদেউত ৯ দিন ধৰি সন্ধানহীন দুই শিশু