Local, Vocal, Global

WATCH | Sonari News : চৰাইদেউৰ আইদেউবাৰী চাহ বাগিছাত অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

সোণাৰি,৩০এপ্ৰিল : চৰাইদেউৰ আইদেউবাৰী চাহ বাগিছাত অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ। চৰাইদেউৰ আইদেউবাৰী চাহ বাগিছাত অস্থায়ী শ্ৰমিকৰ কাম বন্ধক লৈ বাগিছাৰ পৰিচালকৰ মুখ্য কাৰ্যালয়ত শতাধিক চাহ শ্ৰমিক লোকে ঘেৰাও কৰে। যাক লৈ বাগিচাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে শ্ৰমিকৰ মাজত। আন্তঃজাতিক শ্ৰমিক দিৱস প্ৰাকক্ষণত পৰিচালকে মজুৰি কৰ্তন কৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত সাৱ্যস্ত কৰে(Sonari News)।

সোণাৰিৰ অন্তৰ্গত থকা আইদেউবাৰী চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলে । আৰু শ্ৰমিক দিৱসৰ পূৰ্বে প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিক দিৱস পালন কৰাক লৈ বাগিচা খনৰ শ্ৰমিক সকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাখনখনৰ শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ নহ’লে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে শ্ৰমিকে।

আজি আইদেউবাৰী চাহ বাগিচাখনৰ অস্থায়ী কেইবা শতাধিক চাহ শ্ৰমিকৰ এই প্ৰতিবাদত জিলাখনৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰত নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত আঁতৰালে বেনাৰ পোষ্টাৰ