Local, Vocal, Global

WATCH | Sonari News : চৰাইদেউ জিলা বাচনি দবা প্ৰতিযোগিতা সম্পন্ন

সোণাৰি,২৮এপ্ৰিল : চৰাইদেউ জিলা দিবা সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সোণাৰিত অনুষ্ঠিত হোৱা চৰাইদেউ জিলা বাচনি দবা প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে।

সোণাৰি লিটল এঞ্জেল স্কুলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি বঁটা বিতৰণি সভাখন অনুষ্ঠিত হয়। চৰাইদেউ জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক যতীন চেতিয়াই আঁত ধৰা অনুষ্ঠানটোত জিলা দবা সন্থাৰ সভাপতি ধীৰেন চেতিয়া, লিটল এঞ্জেল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডেইজী গগৈ, ক্ৰীড়া সংগঠক স্বপন কৰ, সাংবাদিক মৃত্যুঞ্জয় দাস আৰু জিলা দবা সন্থাৰ উপ সভাপতি তেজবাহাদুৰ নেৱাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ সমূহ প্ৰদান কৰে(Sonari News)।

প্ৰতিযোগিতাখনৰ নিৰ্বাচিত কেলুৱৈ সকলে আগন্তুক দিনত সদৌ অসম দিবা সন্থাই আয়োজন কৰা আন্তঃ জিলা দবা প্ৰতিযোগিতাত চৰাইদেউ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব। সভাত সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুগৰাকী দিবা খেলুৱৈ ক্ৰমে দীক্ষুৰাজ শ্যাম আৰু আদিত্য কুমাৰ ৰামক জিলা দবা সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক : WATCH | Doom Dooma News : অসমত কোন এইগৰাকী পাকিস্তানী মহিলা?