Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত অনুষ্ঠিত মহিমামণ্ডিত চড়ক পূজা

সোণাৰি,১৪এপ্ৰিল : আজি গৰু বিহু। গৰু বিহুৰ এই পবিত্র দিনটোতেই চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবছৰে অনুষ্ঠিত হয় মহিমামণ্ডিত চড়ক পূজা। সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই চড়ক পূজা আৰু মেলা লৈ আগমণ ঘটে লক্ষাধিক লোকৰ ।

এই পূজা ভাগ অলৌকিক শক্তি তথা শিহৰণকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হোৱা এই পূজা। উল্লেখ্য যে গৰু বিহুৰ আগদিনা হৰ-গৌৰী আৰু কালীৰ পূজা অনুষ্ঠিত হোৱাৰ পাছত প্ৰায় এমাহ ধৰি ব্ৰত পালন কৰা শিৱভক্ত সকলে নানা অলৌকিক ক্ৰীড়া আদি প্ৰদৰ্শন কৰে।

গৰু বিহুৰ দিনাখন অনুষ্ঠিত হোৱা এই পূজাৰ মূল অনুষ্ঠান শাল গছৰ গহ্বৰকে সাক্ষী কৰি চড়ক পূজাৰ ঘুৰোৱা হয়। প্ৰায় ষাঠি বছৰ ধৰি এই পূজা ভাগ অনুষ্ঠিত কৰি আহিছে সোণাৰি কালিবাৰীৰ উদ‍্যোতা সকলে। শিৱৰ ভক্ত সকলে পিঠিত বৰশী সদৃশ সঁজুলিৰে বিন্ধাই চড়ক গছত ওলমি শূণ্যতে কেইবাপাকো ঘুৰি সৃষ্টি কৰে অলৌকিক পৰিৱেশৰ(Sonari News)।

কেৱল সেয়াই নহয় এমাহ ধৰি কঠোৰ ব্ৰত পালন কৰাৰ ফলত সাধকসকলে ঐশ্বৰিক শক্তি লাভ কৰে বুলি জনবিশ্বাস আছে। যাৰ ফলত সাধকসকলে পিঠিত বৰশীৰে বিন্ধাই চড়ক গছত ওলমাৰ লগতে জ্বলন্ত অঙঠাৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰাৰ দৰে শিহৰণকাৰী অদ্ভুত কাৰ্য কৰিবলৈও সক্ষম হয়।

মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ১৯৬৯ চনৰ পৰাই উদযাপন কৰি অহা এই চড়ক পূজালৈ দেশী-বিদেশী বহু পৰ্যটকৰ লগতে লক্ষাধিক লোকৰ সমাগম হয়। উপস্থিত থাকে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ সমাজ কৰ্মী তথা কংগ্ৰেছৰ উৎপল গগৈ সোণাৰি উপ-পৌৰপতি স্বাক্ষৰজ্যোতি গগৈ আজি কৰি অগনন ভক্ত প্ৰাণ ৰাইজ।

লগতে পঢ়ক : WATCH | Nalbari News : গৰু বিহুৰ দিনাই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা