WATCH | Sonari News : সোণাৰি মহাবিদ্যালয়ত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান সম্পন্ন

সোণাৰি,১২এপ্ৰিল : সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড নিৰূপণ সমিতিৰ সহযোগত আজি ৰঙালী বিহুৰ আদৰণি তথা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।
সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল গগৈয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটিত মহাবিদ্যালয় খনৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হুঁচৰি, জেং বিহুকে আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সোণাৰি মহাবিদ্যালয়ত অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ ৰঘুনাথ কাগয়ুঙে আঁতধাৰা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰীতা দত্তই।
অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে বিহুৰ লগত সম্পৰ্ক থকা একাধিক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। পুৱা মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰস্তুত কৰা পিঠা-পনা, জলপান, বস্ত্ৰ, অসমীয়া গহনা আদিৰ এখনি প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদুৱে(Sonari News)।
লগতে পঢ়ক :WATCH | Hatsingmari News : সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আন এগৰাকী কংগ্ৰেছ কৰ্মী