Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

সোণাৰি,৯এপ্ৰিল : সোণাৰিত পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান। সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তৰ নেতৃত্বত সোণাৰি দৈনিক বজাৰৰ চলে অভিযান।

চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে জিলা হস্ত তাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত সোণাৰিৰ নগৰত বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তৰ নেতৃত্বত যোৱা অভিজানকাৰী দলটোৱে সোণাৰি দৈনিক বজাৰৰ উপৰিও নগৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই বিহুৰ সময়ত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ভালে সংখ্যক পাৱাৰলোমৰ গামোচা জব্দ কৰে(Sonari News)।

লগতে পঢ়ক : WATCH | Liquor Shops To Remain Open till 11 PM : ৰাজহ সংকট মোচনৰ প্ৰচেষ্টা নেকি চৰকাৰৰ ?