WATCH | Sonari News : সোণাৰিত বীৰাংগনা জয়মতী কুঁৱৰী স্মৃতিত নাট
সোণাৰি,৯এপ্ৰিল : সোণাৰিত বীৰাংগনা জয়মতী কুঁৱৰী স্মৃতিত নাট। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰণ্য বৰগোহাঞক বীৰাংগনা জয়মতী কুঁৱৰী বঁটা প্ৰদান।
টাই আহোম মহিলা পৰিষদৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত হোৱা বীৰাংগনা জয়মতী কুঁৱৰী স্মৃতি দিৱসৰ লগত কালি নিশা আয়োজিত মুকলি সভাত সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সমাজকৰ্মী হিৰণ্য বৰগোহাঞক বীৰাঙ্গনা জয়মতী কুঁৱৰী বঁটা প্ৰদান কৰা হয়(Sonari News)।
সমাজকৰ্মী মণি গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত বঁটা প্ৰদান কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে। সভাৰ অন্তত স্থানীয় শিল্পী সকলৰ দ্বাৰা বীৰাঙ্গনা জয়মতী কুঁৱৰীৰ স্মৃতিত এখনি নাটক মঞ্চস্থ কৰা হয়।
লগতে পঢ়ক : WATCH | Amritpal Singh : অকলশৰীয়া হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিং