WATCH | Sonari News : সোণাৰিত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
সোণাৰি,২৯মাৰ্চ : সোণাৰিত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান।
টাই আহোম যুৱ পৰিষদ, অসম (টাইপাৰ) চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি তিনিদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে আয়োজন কৰা বীৰাঙ্গনা মূলাগাভৰু দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আজি সামৰণি পৰে। আজি সোণাৰিৰ বানফেৰা খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী, প্ৰযোজক প্ৰস্তুতি পৰাশৰক। ইয়াৰ পূৰ্বে আজি এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়(Sonari News)।