WATCH | Sonari News : ধনেশ পক্ষীৰ বংশ বৃদ্ধি আৰু সংৰক্ষণত ব্ৰতী হৈছে চৰাইদেউ জিলাৰ এটা পৰিয়াল

সোণাৰি,২৬মাৰ্চ : ধনেশ পক্ষীৰ বংশ বৃদ্ধি আৰু সংৰক্ষণত ব্ৰতী হৈছে চৰাইদেউ জিলাৰ এটা পৰিয়াল ।
চৰাইদেউ জিলাৰ চলাপথাৰ অঞ্চলত অৱস্থিত চলা গ্ৰাম্য অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰ সংৰক্ষণত অৰণ্য খনৰ কাষৰীয়া বিভিন্নজন ব্যক্তিৰ অৱদান আছে । তেনে এজন ব্যক্তি হৈছে মথুৰাপুৰ চকলীয়া গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমাকান্ত কোৱঁৰ আৰু তেওঁৰ পৰিয়াল । উমাকান্ত কোৱঁৰৰ পৰিয়ালে বহু বছৰ ধৰি চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ।
প্ৰতিবছৰে চলা বনাঞ্চলৰ ধনেশ পক্ষী সমূহে বংশবৃদ্ধিৰ বাবে গছৰ উপযুক্ত ধোন্ধ বিচাৰি কাষৰীয়া গাওঁসমুহলৈও ধাপলি মেলে । এনে পৰিস্থিতিত বিভিন্ন দুষ্কৃতিকাৰীয়ে এই নিমাখিত পক্ষী সমুহক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে । কিন্তু উমাকান্ত কোৱঁৰৰ পৰিয়ালে চলা বনাঞ্চলৰ পৰা প্ৰজননৰ বাবে উলাই অহা অৰিয়েন্তেল পাইড প্ৰজাতিৰ ধনেশ পক্ষীসমুহৰ বাবে এক নিৰ্ভয় আৰু সুৰক্ষিত পৰিবেশৰ সৃষ্টি কৰিছে(Sonari News)।
প্ৰতি বছৰে গ্ৰাম্য অভয়াৰণ্যখনৰ পৰা উলাই অহা ধনেশ পক্ষীয়ে তেখেতৰ বাসগৃহৰ পাছফালে থকা কঠাল গছৰ ধোন্ধত বংশবৃদ্ধি কৰি আহিছে যিটোৱে চলা গ্ৰাম্য অভয়াৰণ্যত ধনেশ পক্ষীৰ সংখ্যা প্ৰতিবছৰে বাঢ়ি অহাত অৰিহনা যোগাইছে । প্ৰতিবছৰে এপ্ৰিল- মে মাহৰ পৰা জুন- জুলাই মাহৰ সময়ছোৱাত উমাকান্ত কোৱঁৰৰ বাৰীৰ কঠালগছলৈ ধনেশ পক্ষী সমুহ আহে পোৱালী হোৱাৰ পাছত চলা বনাঞ্চললৈ ঘুৰি যায় ।
এই সময়খিনিত উমাকান্ত কোৱঁৰৰ পৰিয়ালে বাসগৃহৰ চৌহদত হৈ হাল্লা পৰিবেশৰ সৃষ্টি নকৰে আৰু পক্ষীসমুহৰ খোৱাৰ উপযোগি খাদ্য সুলভ হোৱাকৈ বিভিন্ন ধৰনৰ ফলমূল বাৰীৰ গছ আৰু জেওৰাত উলোমাই ৰাখে । যাৰ বাবে পক্ষী সমুহ প্ৰজনন কালত খাদ্যৰ অভাৱত নপৰে । আজি চলা সংৰক্ষিত বনাঞ্চলক ৰাজহৱা সংৰক্ষণৰ আওতালৈ অনা চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে এই কামৰ বাবে উমাকান্ত কোৱঁৰ আৰু পৰিয়ালক ধন্যবাদ দিয়াৰ লগতে প্ৰসংশা কৰি সম্বৰ্ধনা জনাই । চলা গ্ৰাম্য অভয়াৰণ্যৰ কাষৰীয়া গাৱঁসমুহত উমাকান্ত কোৱঁৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ দৰে ব্যক্তি থকা বাবেই চলা সংৰক্ষিত বনাঞ্চলে ৰাজহুৱা সংৰক্ষণ ব্যৱস্থাৰে চলা গ্ৰাম্য অভয়াৰণ্য ৰূপে লাহে লাহে জৈৱ বৈচিত্ৰৰে ভৰপূৰ হব ধৰিছে ।
চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে চলা বনাঞ্চলৰ কাষৰীয়া গাৱঁসুহৰ ৰাইজক উমাকান্ত কোৱঁৰৰ পৰিয়ালৰ দৰে আগবাঢ়ি চলা গ্ৰাম্য অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।