WATCH | Sonari News: সোণাৰিত নিয়াৰ প্ৰতিষ্ঠা দিৱস পালন
সোণাৰি,৯মাৰ্চ : সোণাৰিত নিয়াৰ প্ৰতিষ্ঠা দিৱস পালন।
অসমত স্বাস্থ্য বিভাগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ঠিকা ভিত্তিত নিযুক্ত হৈ থকা বিষয়া আৰু কৰ্মচাৰী সকলৰ ঐক্য মঞ্চ এন এইচ এম এম্পযীজ এছোচিয়েছন (NEA)ৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি সোণাৰিত পালন কৰা হয়(Sonari News)।
নিয়াৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ প্ৰাংগনত আয়োজিত দিৱসৰ কাৰ্যসূচী উপলক্ষে পতাকা উত্তোলন কৰি ভাষণ আগবঢ়ায় সন্থাৰ জিলা সমিতিত কাৰ্যকৰী সভাপতি মৃত্যুঞ্জয় দাসে।
নিয়াৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া পংকজ দাসে আঁতধৰা অনুষ্ঠানত সাপেখাতি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ চন্দন বৰবৰা, চৰাইদেউ জিলাৰ জিলা আঁচনি পৰিচালক অভিজিত শৰ্মাই ভাষণ দিয়ে।