Local, Vocal, Global

WATCH | Sonari News: সোণাৰিত NHM কৰ্মচাৰীৰ সংবাদ মেল

সোণাৰি,৬মাৰ্চ : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন৷ সোণাৰিত NHM কৰ্মচাৰীৰ সংবাদ মেল। তিনিদিনীয়া কৰ্ম বিৰতি ফলত অচল হৈ পৰিছে স্বাস্থ্য সেৱা।

সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ অন্তৰ্গত এনএইচএম কৰ্মচাৰীৰ সকলে ৪ মাৰ্চৰপৰা অব্যাহত ৰখা কৰ্ম বিৰতিয়ে আজি তিনি দিনত ভৰি দিলে। ৰাজ্যৰ এনএইচএম কৰ্মচাৰীসকলে ৪ মাৰ্চৰপৰা আৰম্ভ কৰা এই কৰ্ম বিৰতিৰ ফলত ক্ৰমাৎ অচলাৱস্থা সৃষ্টি হৈছে স্বাস্থ্য সেৱাখণ্ডত(Sonari News)।

সম কামৰ সহ দৰমহা দিয়া, সপ্তম দৰমহা আয়োগ প্ৰযোজ্য কৰা, ঠিকাভিত্তিক কৰ্মচাৰী সকলক স্থায়ী পদত নিযুক্তি দিয়া,পেঞ্চনৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবীৰে পালন কৰা কৰ্ম বিৰতিৰ মাজতে আজি সংবাদ মেল সম্বোধন কৰি শীঘ্ৰেই সমস্যা সমাধানৰ দাবী জনায়।

লগতে পঢ়ক : WATCH | Sonapur News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন