WATCH | Sonari News:আজি ৰাজ্যজুৰি NHM কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। চাকৰি নিয়মীয়াকৰণ, সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ
সোণাৰি,৪মাৰ্চ : আজি ৰাজ্যজুৰি NHM কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। চাকৰি নিয়মীয়াকৰণ, সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ।
আজিৰ পৰা স্তব্ধ হৈ পৰিছে অসমৰ স্বাস্থ্য সেৱা। ৰাজ্যখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ অধীনত নিযুক্ত হৈ থকা স্বাস্থ্য কৰ্মী সকলে আজিৰ পৰা আৰম্ভ কৰিছে তিনিদিনীয়া অসহযোগ আন্দোলন কাৰ্যসূচী। সম কামৰ সম দৰমহা দিয়াৰ লগতে ঠিকা ভিত্তিক স্বাস্থ্য কৰ্মী সকলৰ অন্যান্য মৌলিক দাবীৰ সমৰ্থনত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী(Sonari News)।
সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থাই আহ্বান জনোৱা এই আন্দোলন কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে NHMৰ অধীনত কৰ্মৰত কর্মচাৰী সকলৰ অন্যান্য সন্থাসমূহে।
লগতে পঢ়ক :WATCH | Mangaldoi News: মঙলদৈত NHM ৰ নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি