Sonapur News: সোণাপুৰৰ ডিগাৰুত কেন্দ্ৰীয় কাৰবি দেহাল কাচিৰ্দম উৎসৱ
সোণাপুৰ,১৮ফেব্ৰুৱাৰী : সোণাপুৰৰ ডিগাৰুত কেন্দ্ৰীয় কাৰবি দেহাল কাচিৰ্দম উৎসৱ। উদুলি-মুদুলি ডিগাৰুৰ চেনীমূৰ।
আজিৰে পৰা তিনিদিনীয়াকৈ ডিগাৰু চেনীমূৰ বৰচিলা দেহাল থান প্ৰাংগনত অনুষ্ঠিত হৈছে ৩৩তম কেন্দ্ৰীয় কাৰবি দেহাল কাচিৰ্দম উৎসৱ। ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো মঙলবাৰে জনগোষ্ঠীটোৰ চিৰ আৰধ্য দেৱতা “দেহাল আৰ্নামক” পৰম্পৰাগত মাংগলিক নীতি -নিয়মেৰে পূজা অৰ্চনা কৰে(Sonapur News)।
কেন্দ্ৰীয় কাৰবি বাংঠে আছেমৰ উদ্যোগত বৰচিলা আঞ্চলিক কাৰবি বাংঠে আছেমৰ সহযোগত কেন্দ্ৰীয় ভাবে ৩৩তম বৰ্ষৰ বাবে আয়োজিত উৎসৱত জনগোষ্ঠীৰ লোক সকলে অংশ গ্ৰহণ কৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক:Sonari News: সোণাৰিত সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত কংগ্ৰেছৰ সংবাদ মেল