Sonapur News:চাহ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি ৰোষত পৰিল সোণাপুৰৰ লোক
![](https://mynewsne.com/wp-content/uploads/2025/02/noname-108-750x430.jpg)
সোণাপুৰ,৮ফেব্ৰুৱাৰী : চাহ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি এইবাৰ ৰোষত পৰিল সোণাপুৰৰ এজন লোক। বিশেষ ভাৱে সক্ষম হোৱাক লৈ বিৰূপ মন্তব্য লোকজনৰ ।
চাহ জনগোষ্ঠীৰ লোকক ছুটু জাতিৰ লোক আখ্যা(Sonapur News)।
প্ৰথমে শুনি লওক Call recording এটা।
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কলংপাৰ নিবাসী মুকুন্দ মুৰাৰী আৰু অৰুণ বৰ্মনৰ মাজত হোৱা টেলিফোনিক বার্তালাপ এয়া। দুয়োগৰাকী লোকৰ মাজত কিছু কথাত কাজিয়াৰ সূত্ৰপাত হয়। আৰু কলংপাৰ নিবাসী অৰুণ বৰ্মন নামৰ লোক জনে মুকুন্দ মুৰাৰিক অশ্লীল শব্দৰে গালি গালাজ কৰাৰ উপৰিও মুকুন্দ মুৰাৰী বিশেষ ভাৱে সক্ষম হোৱাক লৈও তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে।
কেৱল এয়াই নহয় মুকুন্দ মুৰাৰীৰ জাতি অৰ্থাৎ চাহ জনগোষ্ঠীৰ সমাজখনক ছুটু জাতিৰ লোক অৰ্থাৎ নিম্ন শ্ৰেণীৰ লোক আখ্যা দিয়াৰ অভিযোগ অৰুণ বৰ্মনৰ বিৰুদ্ধে। এই ঘটনাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতি। জাতিক ধৰি অপমান সূচক মন্তব্য কৰাৰ বাবে অৰুণ বৰ্মনৰ বিৰুদ্ধে আজি সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে আটছা ডিমৰীয়া শাখা সমিতিয়ে।
অতি শীঘ্ৰে অৰুণ বৰ্মন নামৰ লোকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ।