Local, Vocal, Global

Sonapur News : ইছলামধৰ্মী দম্পতিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি বড়ো উপাধি লৈ বিপদত পৰিছে

সোণাপুৰ,২১ডিচেম্বৰ : সোণাপুৰৰ ডিমৰীয়াত মুছলমান ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈছিল এটা পৰিয়াল। ইছলাম ধৰ্মৰ পৰা ধৰ্মান্তৰ হৈ বড়ো উপাধি গ্ৰহন কৰিছিল এটা পৰিয়ালে ৷

কিন্তু ইছলামধৰ্মী দম্পতিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি বড়ো উপাধি লৈ পৰিছে বড়ো সমাজৰ ৰোষত। বড়ো সমাজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ হাফিজ আলিয়ে বড়ো উপাধি গ্ৰহণ কৰাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বড়ো সমাজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ কাৰ অনুমতিত জনজাতীয় উপাধি লৈছে বুলি প্ৰশ্ন জনজাতীয় সমাজৰ(Sonapur News)।

উল্লেখ্য যে শুকুৰবাৰে সোণাপুৰৰ এলেঙাস্থিত হৰেকৃষ্ণ মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি-নীতিৰ মাজেৰে সনাতনী ধৰ্ম গ্ৰহণ কৰিছিল ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে। ডিগাৰু নৈৰ পাৰত আনুষ্ঠানিকভাৱে মুণ্ডন আৰু প্ৰায়চিত্ত কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতেই এলেঙাৰ হৰেকৃষ্ণ মন্দিৰত হোমযজ্ঞ আৰু আয়তীৰ নাম-প্ৰসঙ্গৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল দম্পতীটোৱে।

আৰু ধৰ্মীয়ে ৰীতি নীতিৰে মুণ্ডন কৰি হোম যঞ্জৰে হিন্দু ধৰ্মত দীক্ষা লৈ বড়ো জনজাতীয় সমাজৰ অনুমতি অবিহনে বড়ো উপাধি গ্ৰহণ কৰাৰ বাবে এতিয়া ক্ষমা প্ৰাৰ্থনা কৰিব লগীয়া হ’ল হাফিজ আলীয়ে।

লগতে পঢ়ক :Assam Congress chief writes to CM Himanta Biswa Sarma over death of party worker :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ