Local, Vocal, Global

Watch | Sonapur news : ভূ-মাফিয়াক অজয় মাহাতোক আটক কৰে সোণাপুৰ আৰক্ষীয়ে

সোণাপুৰ: মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মাটি দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বহু মাটি দালালক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ তেনে সময়তে আজি সোণাপুৰ থানাৰ অন্তৰ্গত 14 মাইলৰ পৰা অজয় মাহাতো নামৰ এজন ভূ-মাফিয়াক সোণাপুৰ আৰক্ষীয়ে আটক কৰে ৷ ডি চি পি মৃনাল ডেকাই আনিব দিয়া অনুসৰি অজয় মাহাতো অঞ্চলটোৰ এজন মাটিৰ দালাল হিচাপে পৰিচিত ৷

আনহাতে, যোৱা 7 জুনত 14 মাইল মৰকদলাত থকা GM COKE নামৰ উদ্যোগটোত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ৷ নিশা উদ্যোগটোৰ মালিক পক্ষৰ কেইজনমান অনা অসমীয়া লোকে তাত কৰ্মৰত কাৰ্বিআংলংৰ কেইবাজনো লোকক সামান্য কথাতে য়াকৈ মাৰ পিট কৰে ৷ এনে ঘটনাত 30 বছৰীয়া দেৱৰাম ৰংহাংৰ লগতে কেইবাজনো লোক গুৰুতৰভাবে আঘাতপাপ্ত হয় ৷ দেৱৰাম ৰংহাংক চিকিৎসা প্ৰদান কৰা হয় যদিও পিছৰ দিনা তেওঁৰ মৃত্যু হয় ৷
এই ঘটনাক কেন্দ্ৰ কৰি ডিমৰীয়া বহু সংগঠনে দেৱৰামৰ মৃত্যুৰ তদন্ত বিচাৰি তীব্ৰ আন্দোলন গঢি তুলে ৷ 30 বছৰীয়া শ্ৰমিক দেৱৰাম ৰংহাঙৰ হত্যাকাণ্ডৰ গোচৰৰ মধ্যস্ততাকাৰীৰ ভূমিকা লোৱাৰ অভিযোগতো অজয় মাহাতোক গ্ৰেপ্তাৰ কৰা হয় । শ্ৰমিক হত্যাকাৰীৰ এনে ঘটনাত সোণাপুৰ থানাত 95/25 নম্বৰৰ গোচৰৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ লগত অজয় মাহাতোৱে মেনেজ মাষ্টাৰ হিচাপে কাম কৰাৰ অভিযোগ আছে অজয় মাহাতোৰ বিৰুদ্ধে। যাৰ বাবে আজি সোণাপুৰ আৰক্ষীয়ে অজয় মাহাটোক গ্ৰেপ্তাৰ কৰে ৷ অজয় মাহাটো লগতে আৰু 3-4 জন লোক জড়িত আছে ৷ ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:Watch | Dibrugarh news: ৭ম সংখ্যক ডিব্ৰুগড় জিলা ইণ্টাৰ ক্লাব অপেন কিক বক্সিং চেম্পিয়নশ্বিপ ২০২৫