WATCH | Sonapur News : সোণাপুৰৰ চামতাৰ ফং আৰিত অনুষ্ঠিত হ’ব আমৰি কাৰ্বি যুৱ মহোৎসৱ ২০২৫
সোণাপুৰ,৭মে’ : কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাপুৰৰ চামতাৰ ফং আৰিত অনুষ্ঠিত হ’ব আমৰি কাৰ্বি যুৱ মহোৎসৱ ২০২৫ ৷
আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু আমৰি কাৰ্বি যুৱ মহোৎসৱ অভ্যৰ্থনা সমিতিৰ যুতীয়া উদ্যোগত অহা ৮, ৯ আৰু ১০ মে’ ত অনুষ্ঠিত হ’ব যুৱ মহোৎসৱ ৷ এই উপলক্ষে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে(Sonapur News)৷
তিনিদিনীয়া কাৰ্যসূচীত বিশাল সাংস্কৃতিক শোভাযাত্ৰা ,পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে জাতীয় খেল ধেমালি, নৃত্য প্ৰতিযোগিতা, আধুনীক গীত প্ৰতিযোগিতা, জাতীয় সাজ পাৰ প্ৰতিযোগিতা সন্ধিয়া আমন্ত্ৰিত জনপ্ৰিয় শিল্পীৰ গীতৰ শৰাই অনুষ্ঠিত হব ৷
শেষৰ দিনা মুকলি সভাত ডিমৰীয়া ৰজা হলিসিং ৰংহাং,কাৰ্বি আংলংৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
লগতে পঢ়ক : WATCH | Dibrugarh News : দেশজুৰি ম’কড্ৰিলৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনৰ