WATCH | Sonapur News : সোণাপুৰৰ ডিগাৰুৰ কুৰকুৰীয়াত ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ আমচাং চাহ বাগিচাৰ বিৰুদ্ধে
সোণাপুৰ,২৪মাৰ্চ : সোণাপুৰৰ ডিগাৰুৰ কুৰকুৰীয়াত ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ আমচাং চাহ বাগিচাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰে স্থানীয় একাংশ লোকে।
জানিব পৰা মতে, চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ পানবাৰী গাঁওৰ ১৬৫ নং দাগৰ 132 বিঘা চিলিং চৰকাৰী ভূমি ২০০০ বৰ্ষৰ দখল ভোগ কৰি আহিছে গাঁওৰ একাংশ চাহ জনজাতিৰ লোকে কিন্তু চলিত মাহৰ ৫ মাৰ্চ তাৰিখে আমচাং চাহ বাগিচা আৰু বেলগুৰি শাখা চাহ বাগিচাৰ পৰিচালকে বল পূৰ্বক ভাবে খুটি পুতি উক্ত ভূমি খিনি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে(Sonapur News)।
উল্লেখযোগ্য যে, দখল ভোগ কৰি অহা লোকসকলে উক্ত স্থানত এটা গৃহ নিৰ্মাণ কৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই এই গৃহটি ভাঙি পেলোৱাৰো অভিযোগ উত্থাপন কৰিছে।
লগতে পঢ়ক :WATCH | Jagiroad News : জাগীৰোডৰ ভেৰভেৰীত অনুষ্ঠিত হোৱা ভাগৱত প্ৰৱচনৰ সফল সামৰণি