Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰৰ KFC ত কৰ্মৰত যুৱতীক অশ্লীল ইংগিতৰ অভিযোগ

সোণাপুৰ,২৩মাৰ্চ : সোণাপুৰৰ KFC ত কৰ্মৰত যুৱতীক অশ্লীল ইংগিতৰ অভিযোগ ।

সোণাপুৰত পোহৰলৈ আহিছে এই ঘটনা। অভিযোগ অনুসৰি সোণাপুৰ কমাৰকুছিস্থিত KFC ফুড ষ্ট্ৰীতত কৰ্মৰত তিনিগৰাকীকৈ স্থানীয় যুৱতীক উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ সুভম দুবে নামৰ লোকজনে কেইবাদিন ধৰি অশ্লীল ইংগিত দি অহাৰ লগতে অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীকেইগৰাকীয়ে।

তদুপৰি কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ত বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশেষত এই সন্দৰ্ভত আজি ভুক্তভোগী যুৱতীকেইগৰাকীয়ে প্ৰতিষ্ঠানটোত নিয়োজিত আন এগৰাকী মেনেজাৰক অৱগত কৰাৰ লগতে ডিমৰীয়াৰ দল সংগঠনক জনায় এই কথা(Sonapur News)।

ইয়াৰ পাছতেই ভুক্তভোগী যুৱতীকেইগৰাকীয়ে স্থানীয় দল সংগঠনৰ সহায়ত সোণাপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এই ঘটনাৰ পাছতে সোণাপুৰ আৰক্ষীয়ে উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ সুভম দুবেক আটক কৰিছে।

এতিয়া এই সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হব লক্ষ্যনীয়। ইফালে এই ঘটনাক লৈ ডিমৰীয়াৰ দল সংগঠন জাঙোৰ খাই উঠাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য আগবঢ়ায়।

লগতে পঢ়ক : WATCH : Bilasipara News : বিলাসীপাৰাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ