Local, Vocal, Global

WATCH | Sonapur News : এইবাৰ গেলামাল দোকানত বিলাতী সুৰা

সোণাপুৰ,২০মাৰ্চ : ক্ষেত্ৰীৰ দপতাৰ এখন বিশেষ দোকান। দোকান খন গেলামালৰ। কিন্তু তাত বিক্ৰী হয় বিলাতী সুৰা। ৱাইনশ্বপ দুৰত আছে। সকলোৱে ৱাইনশ্বপলৈ গৈ সুৰা কিনিব নোৱাৰে।

তাৰ বাবে ৰাইজৰ সুবিধাৰ্থে নিজ ঘৰতে থকা গেলামালৰ দোকানতে দুই মাতৃ পুত্ৰই চলাইছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা।

দুই মাতৃ পুত্ৰৰ বিলাতী সুৰাৰ বেহা দীৰ্ঘদিনীয়া কিন্তু কাকো কেৰেপ নকৰে এওঁলোকে(Sonapur News)।

দপতাৰ এইজন দুল ডেকা আৰু লোকজনৰ মাতৃয়ে দীৰ্ঘ দিন ধৰি ক্ষেত্ৰী আৰক্ষী আৰু আবকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই নিজৰ ঘৰত থকা গেলামাল দোকানতে চলাই গৈছে অবৈধ ভাৱে বিলাতী সুৰাৰ বেহা। কেৱল সুৰা বিক্ৰিয়েই নহয় জানিব পৰা মতে নিজৰ ঘৰতে খাব পৰা ব্যৱস্থাও কৰি দিছে দুই মাতৃ পুত্ৰই।

এতিয়া প্ৰশ্ন হয় কাৰ কাৰ আশীৰ্বাদত ডিমৰীয়া অঞ্চলৰ তেঁতেলীয়া, ক্ষেত্ৰী, মালয়বাৰী, টোপাতলীকে ধৰি ভিন্ন ঠাইত চলি আছে অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া বেহা।

আবকাৰী বিভাগৰ চকুত নপৰে নেকি এই বিলাতী সুৰাৰ অবৈধ ঘাটি ?নে কোনো গোপন বুজাবুজি চলে ?

কেতিয়ালৈ আবকাৰী বিভাগে এই দুই মাতৃ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব?

লগতে পঢ়ক : WATCH | Rabha Hasong Autonomous Council : ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত NDAৰ প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী