Local, Vocal, Global

Son Brutally Killed Mother : পুত্ৰই ৰডেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰিলে মাতৃক

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ( Son Brutally Killed Mother) ।পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল মৰিয়নী ।নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ( Son Brutally Killed Mother in Mariani) ।

মৰিয়নীৰ ভেলেউগুৰি কালিয়া গাঁৱত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ। পুত্ৰ নবীন বৰাই মাতৃ নিৰু বৰাক ৰডেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰিলে।

জানিব পৰা মতে, বুধবাৰে নিশা সামান্য কথাতে কাজিয়া কৰি মাতৃক পাষাণ পুত্ৰ নবীনে নৃশংসভাৱে হত্যা কৰে(Son killed mother in Mariani)।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে দেৱেৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাষাণ পুত্ৰ নবীন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্তত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিত প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Priyanka Gandhi Named in ED’s Charge Sheet in PMLA Case : ED ৰ PMLA গোচৰৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম