Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !

নিউজ ডেস্ক,২১অক্টোবৰ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ(Son Brutally Killed Mother)। পাষান পুত্ৰই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ।
ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’লবোকাখাত। নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ( Son Brutally Killed Mother in Bokakhat)।
বোকাখাতৰ সাপজুৰি বঙালী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।
পাষাণ পুত্ৰই মাতৃক হত্যা কৰাৰ অভিযোগ। শেৱালী গগৈ বৰা নামৰ এগৰাকী মহিলাক হত্যা পাষাণ পুত্ৰৰ। পুত্ৰ চন্দন বৰাৰ বিৰুদ্ধে মাতৃক হত্যাৰ অভিযোগ।
অভিযুক্ত চন্দন বৰা, মামু বৰা নামৰ দুই পুত্ৰক আটক আৰক্ষীৰ।ঘটনা সন্দৰ্ভত ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।
লগতে পঢ়ক :Assamese girl goes missing in Tamil Nadu: তামিলনাডুত সন্ধানহীন বিলাসীপাৰাৰ যুৱতী সূৰ্য্যভানু