Local, Vocal, Global

Son Brutally Killed Mother : ঘৰুৱা কন্দলৰ বাবেই পুত্ৰই হত্যা কৰিলে সতিয়া মাতৃক

নিউজ ডেস্ক,১২অক্টোবৰ : ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটো চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷

হত্যা,হিংসা , ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই পুত্ৰই হত্যা কৰিলে সতিয়া মাতৃক(Son Brutally Killed Mother)।

বকোৰ পাৰুগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পাৰুগাঁৱত দাৰে ঘপিয়াই হত্যা কৰে সতিয়া মাতৃক। অৰূপ ৰাভাৰ নামৰ লোকজনৰ দাৰ ঘাপত মৃত্যু হয় সুশিমা ৰাভাৰ।

এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি বকো আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী অৰূপ ৰাভাই। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Vijaya Dashami 2024: আজি বিজয়া দশমী; মহানগৰীত তিনিদিনীয়াকৈ হ’ব বিসৰ্জন কাৰ্যসূচী