Local, Vocal, Global

Son Brutally Killed Mother :পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ;আহত পিতৃ

নিউজ ডেস্ক,২৫জুন : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ(Son Brutally Killed Mother) ।

দেৰগাঁৱৰ বুঢ়ালিকচন গাঁৱত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে। দীপমনি বৰা নামৰ পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি হৈ সোমবাৰে মৃত্যুক সাৱতি লয় মাতৃ ৰেনুমাই বৰাই।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পিতৃ-মাতৃক মাৰপিট কৰি আহিছিল পুত্ৰ দীপমনিয়ে। সোমবাৰেও পিতৃৰ ভৰিত দাৰে আক্ৰমণ কৰা লগতে মাকৰ গালৈ ইটা দলিয়াই পুত্ৰই। তাৰোপৰি পৰিয়ালৰ আন কেইবাজনো সদস্যক আক্ৰমণ কৰে দীপমনিয়ে। পুত্ৰৰ আক্ৰমণত আহত মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে।

উল্লেখ্য যে, মতিষ্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী। বৰ্তমান ঘৰ এৰি পলায়ণ কৰিছে কুলাংগাৰ পুত্ৰ দীপমনি বৰাই। ইতিমধ্যে ঢেকীয়াল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে(Son Brutally Killed Mother)।

লগতে পঢ়ক : Irfan Pathan’s Makeup Artist Dies After Drowning in West Indies Pool : প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানৰ ব্যক্তিগত মেকআপ আৰ্টিষ্টৰ মৃত্যু