Local, Vocal, Global

WATCH | Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ !

গেলেকী,১৮মে’ : ঘৰুৱা কন্দলৰ ভয়ংকৰ পৰিণতি। কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।

বৰচিলা চাহ বাগিছাত কুলাংগাৰ পুত্ৰৰ অমানৱীয় কাণ্ড ।

ঘৰুৱা কন্দলৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গল পিতৃৰ(Son Brutally Killed Father)।

শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰচিলা চাহ বাগিছাৰ দুই নং লাইনত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনাটো।

বৰচিলা চাহ বাগিছাৰ দুই নং লাইনত ঘৰুৱা কন্দলৰ বাবেই প্ৰতাপ তাঁতী নামৰ লম্পট যুৱকজনে নিজ পিতৃ ৰাজেশ তাঁতীক শুক্ৰবাৰে নিশা শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৰাজেশ তাঁতী নামৰ লোকজনে ।

ইতিমধ্যে অভিযুক্ত প্ৰতাপ তাঁতীক হালোৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক : WATCH | Hyderabad Fire Tragedy: হায়দৰাবাদত বিধ্বংসী অগ্নিকাণ্ড