Son Brutally Killed Father : পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ
নিউজ ডেস্ক,২৭জানুৱাৰী : পুনৰ এক হত্যাকাণ্ডই জোকাৰি গ’ল ৰাজ্য ।এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ ।
চতিয়াৰ কটৰআটি গাঁৱত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনাটো ।চতিয়াত পুত্ৰৰ প্ৰহৰত মৃত্যু পিতৃৰ । মৃত লোকজন আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
ঘটনা সন্দৰ্ভত মৃত আজিজুৰ ৰহমানৰ ভাতৃ আব্দুল হ’কে চতিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । এজাহাৰৰ মতে,কেইদিনমান পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ আজিজুৰ ৰহমানৰ সৈতে নিজৰ পুত্ৰ দিলদাৰ হুছেইন,চাবিল হুছেইন আৰু আইনুল আলিয়ে কেইজনমান আত্মীয়ৰ লগ লাগি ঘৰুৱা কথাক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হয় ৷
পৰৱৰ্তী সময়ত আজিজুৰ ৰহমানক তেওঁলোকে শাৰীৰিকভাবে প্ৰহাৰ কৰি গুৰুতৰভাবে আহত অৱস্থাতে এটা ধানৰ বস্তাত ভৰাই পথৰ দাতিত পেলাই থয়। কিন্তু গাঁওখনৰ একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰি হুলস্থুলৰ সৃষ্টি কৰে(Son Brutally Killed Father)।
পিছত গুৰুতৰ ভাবে আহত আজিজুৰ ৰহমানক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু কালি চিকিৎসাধীন অৱস্থাতে দুৰ্ভগীয়া আজিজুৰ ৰহমানে মৃত্যুক সাৱতি লব লগা হয়।
ইফালে আজিজুৰ ৰহমানৰ মৃতদেহটো চতিয়াৰ কটৰআটি গাঁৱলৈ লৈ অহাৰ পিছত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মৃত আজিজুৰ ৰহমানৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত চতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি হত্যাকাৰীৰ সন্ধান অভিযান আৰম্ভ কৰিছে যদিও তিনি পুত্ৰ সহিতে আন অভিযুক্ত সকল বৰ্তমানেও পলাতক অৱস্থাত আছে।
লগতে পঢ়ক :Sensational incident:অৱশেষত উদ্ধাৰ হ’ল জখলাবন্ধাৰ অজয় সিঙৰ মৃতদেহ