Local, Vocal, Global

Son Brutally Killed Father : পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰয়ে হত্যা কৰিলে পিতৃক

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : গোলাঘাটত এক চাঞ্চল্যকৰ ঘটনা।শুকুৰবাৰে নিশা গোলাঘাটৰ যমুনা পাৰ্কৰ সমীপত হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰয়ে হত্যা কৰিলে পিতৃক ।

ঘটনা অনুসৰি, যমুনা পাৰ্কত দ্বিতীয় পত্নীৰ সৈতে বহি আছিল ব্যৱসায়ী জলধৰ কুৰ্মী নামৰ লোকজন। দুয়ো পাৰ্কত বহি থকা সময়তে হঠাৎ AS-05F 5233 নম্বৰৰ এখন XUV বাহনত আহি পাৰ্কত উপস্থিত হৈছিল বিতোপন কুৰ্মী আৰু জয়ন্ত কুৰ্মী নামৰ লোক দুজন । বিতোপন কুৰ্মী জলধৰ কুৰ্মীৰ প্ৰথমা পত্নীৰ সন্তান আৰু জয়ন্ত কুৰ্মী জলধৰ কুৰ্মীৰ ভাগিনীয়েক।পাৰ্কত উপস্থিত হৈয়ে বিতুপন আৰু জয়ন্তই আৰম্ভ কৰিলে গালি-গালাজ। অশ্লীল ভাষাৰে গালি-গালাজ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

তথ্য অনুসৰি, ব্যৱসায়ী জলধৰ কুৰ্মীয়ে দ্বিতীয় বিবাহ কৰোৱাক লৈ পৰিয়াল আৰু পুত্ৰৰ সৈতে দীৰ্ঘদিন ধৰি চলি আছিল মতানৈক্য। পূৰ্বে বহুবাৰ পিতৃ জলধৰ কুৰ্মীক দ্বিতীয় বিবাহ নকৰাবলৈ ভাবুকিও প্ৰদান কৰিছিল পুত্ৰ বিতোপন কুৰ্মী আৰু পৰিয়ালৰ আন সদস্যসকলে। কিন্তু শুকুৰবাৰৰ সন্ধিয়া যমুনা পাৰ্ক দ্বিতীয় পত্নীৰ সন্মুখতে পুত্ৰ বিতোপন কুৰ্মী আৰু ভাগিনীয়েক জয়ন্ত কুৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে জলধৰ কুৰ্মীক(Son Brutally Killed Father)।

গালি-গালাজৰ পৰা আৰম্ভ হয় হতাহতি। পিছলৈ অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি। এটা সময়ত বিতোপন আৰু জয়ন্তই নিৰ্মমভাৱে দ্বিতীয় পত্নীৰ সন্মুখত গছকি গছকি প্ৰহাৰ কৰে জলধৰ কুৰ্মীক। দুয়োৰে আক্ৰমণত বাগৰি পৰে জলধৰ কুৰ্মী। জলধৰ কুৰ্মীৰ দ্বিতীয় পত্নীয়ে নামাৰিবলৈ বহু কাকুতি-মিনতি কৰাৰ পিছতো অব্যাহত থাকিল আক্ৰমণ।

প্ৰথমে পাৰ্কৰ ভিতৰত মাৰপিট কৰাৰ পিছত তেজেৰে লুটুৰি-পুতুৰি অৱস্থাত পিতৃ জলধৰ কুৰ্মীক চোঁচৰাই পাৰ্কৰ বাহিৰলৈ লৈ আনে পুত্ৰ বিতোপন আৰু ভাগিনীয়েক জয়ন্তই। শেষত AS-05F 5233 নম্বৰৰ এখন XUV বাহনত ভৰাই লৈ বহু সময় ধৰি মুখত ঘুচিয়াই থাকে জলধৰ কুৰ্মীৰ। দ্বিতীয় পত্নীয়ে জলধৰ কুৰ্মীক ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও বিফল হয়। স্থানীয় কোনো লোক আগবাঢ়ি নাহিল ব্যৱসায়ী জলধৰ কুৰ্মীৰ প্ৰাণৰক্ষা কৰিবলৈ।

জলধৰ কুৰ্মীক আক্ৰমণ কৰি সেই স্থানৰ পৰা আঁতৰি যায় পুত্ৰ বিতোপন কুৰ্মী আৰু ভাগিনীয়েক জয়ন্ত কুৰ্মী। যমুনা পাৰ্কৰ কাষতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি ৰয় জলধৰ কুৰ্মী। কিছুসময় পিছতে সেই স্থানতে মৃত্যু হয় জলধৰ কুৰ্মীৰ। পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ব্যৱসায়ী জলধৰ কুৰ্মীৰ মৃতদেহ।

কিছু সময়ৰ ভিতৰতে গোলাঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী পুত্ৰ বিতোপন কুৰ্মীক। কিন্তু বৰ্তমানো পলাতক হত্যাকাণ্ডত জড়িত ভাগিনীয়েক জয়ন্ত কুৰ্মী। জয়ন্ত কুৰ্মীৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

লগতে পঢ়ক : Sensational incident : কালভাৰ্টৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ মহিলা