Local, Vocal, Global

Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

যোৰহাট,১৮মে’ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে পিতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰ আৰু পত্নীৰ হাতত প্ৰাণ গ’ল পিতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল যোৰহাটৰ মূৰমূৰীয়া । নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিলে এজন পুত্ৰৰ।

এক চাঞ্চল্যকৰ ঘটনা । যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো(Son Brutally Killed Father) ।

বৃহস্পতিবাৰে নিশা যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পুত্ৰ আৰু নিজ পত্নীয়ে হত্যা কৰে পিতৃক ।

জানিবলৈ পোৱা মতে, পুত্ৰই বেলচাৰে প্ৰহাৰ কৰি হত্যা কৰে পিতৃক । পুত্ৰ নিখিল চৰেন হত্যা কৰে প্ৰহ্লাদ চৰেন নামৰ ব্যক্তিজনক। প্ৰহ্লাদ চৰেন নামৰ লোকজনক পত্নী আৰু পুত্ৰই হত্যা কৰি নিজ গৃহত লুকুৱাই থয় মৃতদেহটো । শুকুৰবাৰে নিশা মাতৃ পুত্ৰই গোপনে সৎকাৰ কৰে প্ৰহ্লাদ চৰেন নামৰ ব্যক্তিজনৰ মৃতদেহ।

উল্লেখ্য যে মাতৃ-পুত্ৰই প্ৰহ্লাদ চৰেনৰ সাধাৰণ মৃত্যু বুলি অবগত কৰিছিল স্থানীয় ৰাইজক। আজি পুৱা পোহৰলৈ আহে চিনামৰা থানাৰ অন্তৰ্গত মুৰমুৰিয়া চাহ বাগিছাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে ঘেৰাও কৰে ঘটনা সংঘটিত হোৱা মুৰমুৰীয়াৰ বাগানৰ ২৭নং লাইন। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী মাতৃ পুত্ৰক।

লগতে পঢ়ক : Bus Carrying Passengers Catches Fire : তীৰ্থযাত্ৰীৰে ভৰা চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ ৮ জন,আহত ২৪জন