Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ( Son Brutally Killed Father) ।পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে পিতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ডিমৰীয়া ।নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিলে এজন পুত্ৰৰ( Son Brutally Killed Mother) ।
এক চাঞ্চল্যকৰ ঘটনা । ডিমৰীয়াৰ দুৰুঙৰ ৩নং ঔজাৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।
জানিব পৰা মতে, বুধবাৰে দুপৰীয়া পাৰিবাৰিক কন্দলৰ ফলত পুত্ৰ ধীৰাজ দাস নামৰ লোকজনে পিতৃ প্ৰেমানন্দ দাসক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰিছিল। পুত্ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্তা হয় পুত্ৰ । পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ আন সদস্যই আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰেমানন্দ দাসক GMCHলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।
উল্লেখ্য যে, এই নৃশংস ঘটনা সন্দৰ্ভত স্থানীয় লোকে নিশা ক্ষেত্ৰী আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতেই ক্ষেত্ৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান চলাই অভিযুক্ত ধীৰাজ দাসক আটক কৰে। বৰ্তমান ক্ষেত্ৰী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।