Local, Vocal, Global

Jammu Kashmir Encounter: উত্তপ্ত জম্মু-কাশ্মীৰ ! পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত কঁপি উঠিল কাশ্মীৰ উপত্যকা

নেশ্যনেল ডেস্ক,২৭জুলাই : উত্তপ্ত জম্মু-কাশ্মীৰ। পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত কঁপি উঠিল কাশ্মীৰ উপত্যকা(Jammu Kashmir Encounter)।

শনিবাৰে জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাত পাকিস্তানৰ সীমান্ত একচন টিম(BAT)ৰ সৈতে সংঘৰ্ষ হয় ভাৰতীয় সেনাৰ। সংঘৰ্ষত শ্বহীদ ১ জন ভাৰতীয় সেনা জোৱান, আহত আন ৪ জন সেনা জোৱান। পাকিস্তানৰ সীমান্ত একচন টিমৰ সৈতে সংঘৰ্ষত নিহত হয় এটা পাকিস্তানী সন্ত্ৰাসবাদী(Soldier dead, Army Major among 4 injured in encounter in J&K’s Kupwara)।

ভাৰতীয় সেনাই সদৰী কৰা অনুসৰি , নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ কুপৱাৰাৰ মাচল চেক্টৰৰ কামকাৰীৰ এটা ফৰৱাৰ্ড পোষ্টত এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

প্ৰতিৰক্ষা বিষয়াসকলৰ মতে, এজন মেজৰ ৰেংকৰ বিষয়াসহ পাঁচজন সেনা জোৱান আহত হয় আৰু এটা সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে, এজন সৈনিক আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে(Soldier Dead, Army Major Among 4 Injured During Encounter With Terrorists In Jammu And Kashmir’s Kupwara)।

লগতে পঢ়ক : Tragic incident in Sivasagar : চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যু মহিলাৰ