Local, Vocal, Global

ৰাজধানী এক্সপ্ৰেছত চোৰাং সৰবৰাহৰ বেহা

নিউজ ডেস্ক, ৮ আগষ্ট : সোমবাৰে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে (Government Railway Police , GRP) গুৱাহাটীৰ ৰে’ল ষ্টেচনত দুজন ATM প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা কেইবাটাও চুৰি হোৱা ATM কাৰ্ড জব্দ কৰে।

বাতৰি অনুসৰি, প্ৰৱঞ্চক দুজন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা লক্ষ্ণৌ অভিমুখে গৈ আছিল। গুৱাহাটী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰে ATM প্ৰৱঞ্চক দুটাক।

উল্লেখ্য যে, প্ৰৱঞ্চক দুজনক ওম সিং আৰু বিনয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ৩৩ টা চুৰি হোৱা ATM কাৰ্ড, সিঙৰ পৰা ২২ খন আৰু কুমাৰৰ পৰা ১১ খন কাৰ্ড উদ্ধাৰ কৰে।

আনহাতে এক পৃথক ঘটনাত আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছত চলোৱা এক অভিযানত ১২০ টা অবৈধ বাৰ্মিজ চিগাৰেটৰ বাণ্ডল উদ্ধাৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

আৰক্ষীয়ে বিদেশী চিগাৰেটৰ সামগ্ৰীৰ সৈতে এজন লোককো আটক কৰে। আটক কৰা লোকজনক ৱাছিম খান নামৰ এজন চোৰাং ব্যৱসায়ী বুলি চিনাক্ত কৰা হৈছে।

বিষয়াসকলে জনাইছিল যে ৱাছিম খান উত্তৰ প্ৰদেশৰ ভাগপতৰ বাসিন্দা।