Local, Vocal, Global

Smuggler arrested with Narcotics in Kampur : কামপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,৩০জুন : দেওবাৰে কামপুৰৰ কাকতিগাঁও তিনিআলিত ড্ৰাগছ বিৰোধী অভিযানত । অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী।

জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে কাকতি গাওঁ আঞ্চলিক আমছু আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত এক অভিযানত সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম ফকৰুল ইছলাম। ধৃত ফকৰুলৰ ঘৰ নগাঁও জিলাৰ কচুৱাত। অৱশ্যে তেঁও কাকতিগাঁও ৰে’লগে’টত নিজৰ ভনীয়েকৰ ঘৰত থাকে বুলি জানিব পৰা গৈছে(Smuggler arrested with Narcotics in Kampur)।

ধৃত ফকৰুলে কামপুৰৰ শালমাৰাৰ পৰা ১৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ লৈ আহি থকা অৱস্থাত আটক কৰে। ইতিমধ্যেই ঘটণাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ ফকৰুল ইছলামক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Rahul Gandhi and President Droupadi Murmu congratulating indian cricket team for winning T20 World Cup 2024 : T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ দখলৰ পিছত ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ