Smuggled oil seized in Bijni: বিজনীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল
অভয়াপুৰী,১১ফেব্ৰুৱাৰী : বিজনীত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ।
গোপন খবৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বিজনীৰ কাচদহাৰ পৰা চোৰাং তেলসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বিজনীৰ আৰক্ষীয়ে।
AS 01 AL 5320 নম্বৰৰ চাৰিচকীয়া বাহনেৰে মুঠ ১৫ টা ড্ৰামত আনুমানিক প্ৰায় ৮০০ লিটাৰ চোৰাং ডিজেল আনি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা।
ধৃত সৰবৰাহকাৰী দুটা বিজনীৰ কাৱাটিকা নিৱাসী চফিকুল ইছলাম( ৩৫)আৰু হাফিজুল মণ্ডল (৩২) বুলি জানিব পৰা গৈছে(Smuggled oil seized in Bijni)।
আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক:CID Summons Influencer Abhishek Kar:CID কাৰ্যালয়লৈ তলব ছ’চিয়েল ইনফ্লুৱেঞ্চাৰ অভিষেক কৰক