Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle Smuggling in Gauripur)৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু। কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট। আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত একত প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।
এইবাৰ ধুবুৰীত গৰু সৰবৰাহ । ধুবুৰী জিলাৰ গৌৰীপুৰত ৫টাকৈ চোৰাং গৰু জব্দ কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা ধুবুৰী জিলাত গৌৰীপুৰত জব্দ কৰে চোৰাং গৰু কঢ়িয়াই অনা এখন বিলাসী বাহন। জব্দকৃত বাহনখনত ৫টা চোৰাং গৰু আছিল ।
গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীৰ এটা দলে বালাজানত চলাইছিল অভিযান । অভিযানত এখন সন্দেহজনক বাহন খেদি খেদি খেদি খেদি গৌৰীপুৰৰ ১০ নং ৱাৰ্ডৰ বিনামন্দিৰৰ ওচৰতে ৰখাবলৈ সক্ষম হয়( Smuggled Cattle Heads Seized By Assam Police From Luxury Car In Gauripur)।
জানিব পৰা মতে, WB-74N-6314 নম্বৰৰ গাড়ীখনে পশ্চিম বংগৰ পৰা সাগোলীয়াৰ মাজেৰে পাৰ হৈ ধুবুৰীৰ আশে-পাশে প্ৰৱেশ কৰে বাহনখন। আৰক্ষীয়ে গৌৰীপুৰত জব্দ কৰা বাহনখন তালাচী চলাই । তালাচীত ভৰি বান্ধি থোৱা অৱস্থাত পাঁচটা গৰু উদ্ধাৰ হয়।
গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্য বাবে বাহনখন জব্দ কৰি গৰু কেইটা ওচৰৰ পাউণ্ডলৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : Man Elephant conflict : মৰঙিত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন