Local, Vocal, Global

পিকআপৰ খুন্দাত প্ৰাণ গ’ল ক্ষুদ্র ব্যৱসায়ী চফৰৰ

নিউজ ডেস্ক : বৃহস্পতিবাৰে দুপৰীয়া চাপৰ’ৰ টিলাপাৰাত শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী লোকে প্ৰাণ হেৰুৱাই। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত চফৰ আলী নামৰ লোকজনৰ মৃত্যু হয়৷

ঘাইপথচোৱা অতিক্ৰমৰ সময়তে বলে’ৰ পিকআপে খুন্দিয়ায় ক্ষুদ্র ব্যৱসায়ী সফৰ আলীক। থিতাতে নিহত হয় চফৰ আলী নামৰ ব্যৱসায়ীজন। চফৰ আলীৰ ঘৰ শন্তোষপুৰত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা বলে’ৰখনৰ নম্বৰ হৈছে AS-26-C-9723। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বলে’ৰখন শালকোচাৰ আৰক্ষীয়ে জব্দ কৰিছে।