SKM Wins Sikkim Again : ছিকিমত চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)
নিউজ ডেস্ক,২জুন : ছিকিমত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)। ছিকিমত এইপৰ্যন্ত ২৯ খন আসনত আগবাঢ়ি আছে শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)। আনহাতে, এখন আসনত আগবাঢ়ি আছে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট (SDF)।
ছিকিম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ৩২ খন বিধানসভাৰ আসনৰ ভিতৰত ১৭ খন(SKM Wins Sikkim Again)।
উল্লেখ্য যে, দেওবাৰে ৰাজ্যৰ ছয়খন জিলাতে এটাকৈ স্থানত চলি আছিল গণনা। মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে ৰেনক বিধানসভা সমষ্টিৰ পৰা তেওঁৰ নিকটতম SDMৰ প্ৰতিদ্বন্দ্বী সোমনাথ পৌডিয়ালকতকৈ প্ৰায় ১৪০০ ভোটত আগবাঢ়ি থকাৰ বিপৰীতে নামচেবুং আসনত SKMৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ পিছত ৫৪৬টা ভোটত পিছ পৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা SDFৰ প্ৰতিষ্ঠাপক মন্ত্ৰী পৱন কুমাৰ চামলিং।
আনহাতে, অৰুণাচল প্ৰদেশত বিজেপিয়ে ১০ খন আসনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, আৰু এইপৰ্যন্ত বিজেপি ৩০ খন আসনত আগবাঢ়ি আছে। NPEP ৮ খন আসনত আগবাঢ়ি আছে আৰু NCP ৩ খন আসনত আগবাঢ়ি আছে, PPA ২ খন আসনত আগবাঢ়ি আছে আৰু ২ খন আসনত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।
লগতে পঢ়ক : Earthquake of Magnitude 5.5 jolts in Assam : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি