Local, Vocal, Global

Six Naxalites killed in encounter with security personnel : ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ মাওবাদীৰ,নিহত ৬ মাওবাদী

নেশ্যনেল ডেস্ক,২৭মাৰ্চ : নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ মাওবাদীৰ । নিহত ৬জন মাওবাদী ।

বুধবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ হয় মাওবাদীৰ । এই সংঘৰ্ষৰ ফলত ৬জন মাওবাদী নিহত হয় ।নিহত লোককেজনৰ ভিতৰত মহিলা কেডাৰও আছিল(Six Naxalites killed in encounter with security forces in Chhattisgarh) ।

বষ্টাৰৰ আই জি পি সুন্দৰৰাজে জনোৱা মতে, বিজাপুৰ জিলাৰ চিকুৰবট্টি-পুছভাকা জংঘলৰ সমীপৰ বনাঞ্চলত গুলীচালনাৰ পিচত এগৰাকী মহিলাসহ ৬ নক্সাল সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বাছাগুড়া আৰক্ষী থানাৰ অন্তৰ্গত চিকুৰবাট্টি অঞ্চলৰ সমীপৱৰ্তী তালপেৰু নদীৰ সমীপত এই এনকাউণ্টাৰ সংঘটিত হোৱা বুলি বষ্টাৰ ৰেঞ্জৰ আই জি সুন্দৰৰাজে জানিবলৈ দিয়ে ।

আই জিয়ে জনোৱা মতে, চি আৰ পি এফৰ এটা সুসজ্জিত ইউনিট, চি আৰ পি এফৰ ২২৯ নং বেটেলিয়ন আৰু ডি আৰ জিৰ এটা যৌথ দলে তালপেৰু নদীৰ ওচৰত পি এল জি এৰ প্লাটুন-১০ৰ বিদ্ৰোহীৰ সৈতে সংঘৰ্ষ হয় । আই জি সুন্দৰৰাজে লগতে কয় যে অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে ছয় নক্সাল সদস্যৰ মৃতদেহ । নিহত ছয় নক্সালৰ ভিতৰত এগৰাকী মহিলা কেডাৰ বুলি বিষয়াগৰাকীয়ে লগতে কয় ।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক (বস্তাৰ ৰেঞ্জ) সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি বাচাগুড়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিপুৰভাট্টি গাঁৱৰ ওচৰৰ তালপেৰু নদীৰ কাষত অৱস্থিত বনাঞ্চলত গুলীচালনা সংঘটিত হৈছিল। নিৰাপত্তাৰক্ষীৰ এটা দলে মাওবাদীৰ বিৰুদ্ধে অভিযানত যাওতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

অভিযানত মাওবাদী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে বোমা বিস্ফোৰক সামগ্ৰীও(Six Naxalites killed in encounter with security personnel)।

লগতে পঢ়ক : Ex-Lat Mandal Caught Red-Handed Accepting Bribe : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ