ইউক্ৰেইনৰ পৰা অসমৰ আৰু ছয়জন শিক্ষাৰ্থী উপস্থিত হয় নিজ মাতৃভূমিত
নিউজ ডেস্ক, ৬ মাৰ্চ : ইউক্ৰেইন আৰু ৰাছিয়া যুদ্ধৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমত আৰু ছয়জন শিক্ষাৰ্থী উপস্থিত হয় নতুন দিল্লীত ।
অসম চৰকাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ বাতৰি অনুসৰি, শিক্ষাৰ্থীসকল নতুন দিল্লীৰ অসম ভৱনত উপস্থিত হোৱাৰ পিছতে অসম ভৱনৰ বিষয়াসকলে তেওঁলোকক আদৰনি জনায় । অসম ভৱনত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ নাম হৈছে ভস্বতী গোস্বামী (গুৱাহাটী), মৃগাক্ষী কলিতা (নলবাৰী), ছাদ্দাম হুছেইন (নগাঁও), মুমশাদ হুজাইফ উদ্দিন আহমেদ (নগাঁও), নয়ন জ্যোতি দাস (নগাঁও) আৰু স্নেহা ডেকা (গুৱাহাটী)।

উল্লেখ্য যে শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰা মতে ইউক্ৰেইনৰ সংঘৰ্ষৰ পৰা অপাৰেচন গংগাৰ অংশ হিচাপে ১৩,৩০০ তকৈও অধিক শিক্ষাৰ্থী ভাৰতলৈ উভতি আহিছে।লগতে মন্ত্ৰালয়ে কয় যে, প্ৰায় সকলো ভাৰতীয়ই ইউক্ৰেইনৰ খাৰকিভ ত্যাগ কৰিছে ।
আনহাতে, ভাৰত চৰকাৰে ভাৰতীয় লোকসকলক স্থানান্তৰ কৰাৰ সমন্বয় আৰু তদাৰক কৰাৰ বাবে ইউক্ৰেইনৰ সীমান্তৱৰ্তী পাঁচখন ৰাষ্ট্ৰলৈ ‘বিশেষ দূত’ প্ৰেৰণ কৰিছে।
| ReplyForward |