Local, Vocal, Global

Six Militants Arrested with Weapons : মণিপুৰত জব্দ মাৰণাস্ত্ৰসহ ৬ জন উগ্ৰপন্থী

নিউজ ডেস্ক, ১৬ জানুৱাৰী : চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ মাৰণাস্ত্ৰসহ ৬ জন উগ্ৰপন্থী ।

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মণিপুৰৰ পশ্চিম মণিপুৰ আৰু ম’ৰে এলেকাত পৃথকে পৃথকে অভিযান চলাই । অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন উগ্ৰপন্থীক।‌
লগতে উগ্ৰপন্থী কেইজনৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, নগদ ধন আৰু কিছুমান আপত্তি জনক নথিপত্ৰ জব্দ কৰে(Six Militants Arrested with Weapons) ।

মণিপুৰ আৰক্ষীৰ এক সূত্ৰই জানিব দিয়া অনুসৰি , সোমবাৰে আবেলি ম’ৰে এলেকাত টহলদাৰী আৰক্ষীৰ দল এটাৰ বাহনক লক্ষ্য কৰি গুলীচালনা কৰে দুজন উগ্ৰপন্থীয়ে। ম’ৰে কলেজৰ ওচৰত গুলীচালনা সংঘটিত কৰি উগ্ৰপন্থী কেইজন পলাই গৈ অঞ্চলটোৰ এটা ঘৰত আত্মগোপন কৰে। আৰক্ষীয়ে সমগ্ৰ এলেকা ঘেৰাও কৰি উগ্ৰপন্থী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত উগ্ৰপন্থী দুজন ফিলিপ খাইখোলাল খোংছাই আৰু হেমখোলাল মেটে(Six Militants Arrested with Weapons in Manipur) ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজনৰ পৰা দুটা সজীৱ গুলী সহ এটা পিষ্টল,এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, এ কে ছিৰিজৰ ১০টা সজীৱ গুলী আৰু ফিউজ সহ ১০টা ডিটনেটৰ জব্দ কৰে।

ইফালে মণিপুৰ আৰক্ষীৰ আন দুটা অভিযানত ইম্ফল পশ্চিম জিলাৰ পৰা ৪ জন PREPAK উগ্ৰপন্থীক কৰায়ত্ত কৰে আৰক্ষীয়ে।‌ গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীৰ পৰা আৰক্ষীয়ে ৪ টা সজীব গুলি ভৰ্তি মেগজিন সহ এটা পইন্ট থ্ৰি টু পিস্তল, নগদ ২২০০০/ টকা,এটা মোবাইল, দুটা পাৰ্ছ আৰু এখনকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড জব্দ কৰাৰ লগতে কিছু ধনদাবী পত্ৰও জব্দ কৰা হয়। উগ্ৰপন্থী কেইজন সাধাৰণ ব্যৱসায়িক ধন দাবী ঘটনাৰ সৈতে জড়িত বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইয়াৰে দুজন PREPAK VC গোটৰ।

লগতে পঢ়ক : Dense Fog in Delhi Hits Flight Operations Again : প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লীত বাতিল বিমান চলাচল