Local, Vocal, Global

Six killed, including a child, as truck overturns on car : বিবাহ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে অঘটন; নিহত ৬জন,আহত ৩জন

নিউজ ডেস্ক,৩০এপ্ৰিল : বিহাৰৰ ভাগলপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা । এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৬ গৰাকী লোকৰ। গুৰুতৰভাৱে আহত ৩ গৰাকী(Six killed, including a child, as truck overturns on car) ।

সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। সোমবাৰে নিশা প্ৰায় ১১ বজাত ঘোঘাৰ আমাপুৰ গাঁৱত শিলভৰ্তি ট্ৰাকৰ টায়াৰ হঠাতে বিস্ফোৰিত হয় । যাৰ ফলত ট্ৰাকখন সমীপেৰে পৰা হৈ যোৱা এখন যাত্ৰীভৰ্তি বাহনৰ ওপৰত বাগৰি পৰে । বাহনখনৰ ওপৰত ট্ৰাকখন বাগৰি পৰাত এটি শিশুসহ ৬ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ৩ জনৰ । আহতলোক কেইজনক ভাগলপুৰৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Six killed, including a child, as truck overturns on car in Bihar’s Bhagalpur) ।

ইফালে এই ভয়ংকৰ ঘটনাৰ বিষয়ে ভুক্তভোগী সকলে কোৱা অনুসৰি, মুংগেৰৰ গোৰিয়া টোলাৰ সুনীল দাসৰ পুত্ৰ মোহিতৰ বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ তেওঁলোক গৈ আছিল । বাহনখনত ৯ গৰাকী লোক আছিল । কাহালগাঁৱৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত ৮০ নং ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হৈ যোৱা ট্ৰাকৰ টায়াৰ বিস্ফোৰণ হয় আৰু ট্ৰাকখন সেই বাহনখনৰ ওপৰতে বাগৰি পৰে । বাহনখনৰ সন্মুখৰ আৰু পিছফালে থকা আন দুখন বাহনো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আৰকক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Former Delhi MLA says got death threat from Khalistani extremist : দিল্লীৰ প্ৰাক্তন বিধায়ক জীতেন্দ্ৰ সিং শন্তীক হত্যাৰ ভাবুকি প্ৰদান খালিস্তানী উগ্ৰপন্থীৰ