Six killed in Horrific Road Accident on New Year Day : নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে শোকাৱহ দুৰ্ঘটনা; নিহত ৬জনকৈ যাত্ৰী

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন । সকলোৱে আনন্দ উল্লাসৰ মাজেৰে নৱবৰ্ষক আদৰিছে । নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আহিছে এটা বেয়া খবৰ(New Year Tragedy in Jamshedpur Claims 6 Lives) ৷
বছৰৰ প্ৰথমটো দিনতে সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা । ঝাৰখণ্ডত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । সোমবাৰে পুৱা ঝাৰখণ্ডত জামছেদপুৰত বনভোজনলৈ যোৱা বাহনৰ ভয়ংকৰ দুৰ্ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি , আৰআইটি আৰক্ষী থানাৰ অন্তৰ্গত একাংশ লোকে বাহনখনেৰে বনভোজৰ বাবে গৈছিল । কিন্তু বনভোজ লৈ যোৱা বাহনখন বিষ্টুপুৰ আৱৰ্ত ভৱনৰ সমীপত নিয়ন্ত্ৰণহীন হৈ এডাল গছত খুন্দা মাৰে । ফলত নিহত হয় ৬জনকৈ যাত্ৰী(Six killed in Horrific Road Accident on New Year Day in Jharkhand’s Jamshedpur) ।
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত আদিত্যপুৰৰ আৰআইটি আৰক্ষী থানাৰ অন্তৰ্গত বাবা আশ্ৰমৰ ৮ গৰাকী লোক বনভোজলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । বাহনখনৰ গতি বেগ বেছি আছিল বুলি জানিব পৰা গৈছে । ঘটনাটোৰ খবৰ পোৱাৰ পিছতে বিষ্টুপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । বাহনখনত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা হয় ।
আৰক্ষীৰ মতে, এই দুৰ্ঘটনা ফলত ৫ গৰাকীকৈ যাত্ৰী নিহত হয় যদিও চিকিৎসালয়ত এগৰাকী যাত্ৰীৰ মৃত্যু হয় । মৃত যাত্ৰীসকলক ক্ৰমে সুৰজ চাহু, টুকটুক, শুভম, মনু, হেমন্ত আৰু ছোটু যাদৱ বুলি চিনাক্ত কৰা হৈছে । আহতসকলক ৰবি ঝা আৰু হৰ্ষ ঝা বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে আদিত্যপুৰৰ আৰআইটিৰ বাবা আশ্ৰমত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।